মুখ্য পৃষ্ঠা
09/08/2617:17

আঁউসি নিশা

নিয়তিয়ে বলাত্কাৰ কৰা
মিলনৰ সুৰ্দীঘ যাত্ৰা
বাৰে বাৰে উচুপি কন্দা

দুটি অপূৰঠ কলিজা
এটি অঘৰি আত্মা
আনটো উদাসি সন্ধ্যা

এটি তৰা
আনটো জীয়াই জীয়াই মৰা

নিজৰ হাতেৰে সৌধ সজা
কফিন আজিও বগা
মৃত্যুৰ ওচৰত হাৰ মানি
তৰাৰ চিৰনিন্দ্ৰা

আঁউসি তমসা
আঁউসি তমসা
খহি পৰে পপীয়া তৰা
আৰু খহে বুকুৰ আশা

উশাহত বেথা
শেতেলিত অনিদ্ৰাৰ নিচা
আঁউসি নিশা
আঁউসি নিশা ||

(সোঁৱৰণত...)

____ৰাজু কলিতা

06/04/15



Ring ring